Barak Valley
কাছাৰত বিদ্যুৎপৃষ্ঠ হৈ আৰক্ষীৰ মৃত্যু

ষ্টাফ ৰিপৰ্টাৰ শিলচৰ ২৪ মে – অসম আৰক্ষী কমাণ্ডৰ অমৰ জ্যোতি টাইদৰ মোবাইল ফোন চাৰ্জ কৰাৰ সময়ত দূৰ্ঘটনাত মর্মান্তিক মৃত্যু হোৱাৰ বাবে লোহাৰ বন্ধ এলেকা শোকৰ ছাঁ নামি আহিছে । ঘটনাৰ বিবৰণত প্ৰকাশ যে কাছাৰ জিলাৰ ধোয়াৰ বন্ধৰ দ্বিতীয় কমাণ্ড বেটেলিয়নত কনস্টেবল হিচাপে কাম কৰি থকা টাইদে শুকুৰবাৰে পুৱা তেওঁৰ লোহাৰ বন্ধৰ বাসগৃহত মোবাইল চাৰ্জ আৰু গেইম খেলি আছিল । সেই সময়ত বিদ্যুৎ লাইনত অক্স্মাতে চর্ট চার্কিট হোৱাত এই দূৰ্ঘটনাটো ঘটে। তৎক্ষণাৎ টাইদক শিলচৰ চিকিৎসা মহাবিদ্যালয় লৈ প্ৰেৰণ কৰা হলে চিকিৎসক সকলে তেওঁক মৃত বুলি ঘোষণা কৰে।