NationalUpdates

বেংগালুৰু-শিলচৰ পথত প্ৰত্যক্ষ বিমান সেৱা আৰম্ভ কৰাৰ লগতে গুৱাহাটী-শিলচৰ পথত লোৱা উচ্চ ভাড়া হ্ৰাস কৰিবলৈ কেন্দ্ৰীয় মন্ত্ৰীৰ ওচৰত দাবী

নতুন দিল্লি, পিএনচি, ১০ ছেপ্টেম্বৰ – উত্তৰ পূৰ্বাঞ্চল ভিত্তিক সামাজিক সংস্থা ড° শ্যামা প্ৰসাদ মুখাৰ্জী মেমোৰিয়েল স্বাৰ্থ সুৰক্ষা পৰিষদে কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহণ মন্ত্ৰী কে ৰামমোহন নাইডুক শিলচৰ আৰু বেংগালুৰুৰ মাজত প্ৰত্যক্ষ বিমান সেৱা পুনৰায় আৰম্ভ কৰিবলৈ দাবী জনাইছে।

পৰিষদৰ সভাপতি প্ৰবীণ সাংবাদিক হাৰাণ দেয়ে মঙলবাৰে নতুন দিল্লীত কেন্দ্ৰীয় মন্ত্ৰী নাইডুক এখন স্মাৰক পত্ৰ প্ৰদান কৰি কয় যে বৰাক উপত্যকাৰ বহু ছাত্ৰ-ছাত্ৰী আনকি চাকৰি প্ৰত্যাশীও বেংগালুৰু আৰু দক্ষিণ ভাৰতৰ অন্যান্য প্ৰান্তত বসবাস কৰি আছে। গতিকে তেওঁলোকৰ সুবিধাৰ বাবে বৰ্তমান বন্ধ হৈ থকা প্ৰত্যক্ষ বিমান সেৱা পুনৰ আৰম্ভ কৰিব লাগে।

এই স্মাৰকপত্ৰৰ জৰিয়তে তেজপুৰকে ধৰি উত্তৰ-পূৰ্বাঞ্চলৰ অন্যান্য স্থানৰ সৈতে উড়ান বা অন্যান্য আঁচনিৰ অধীনত শিলচৰলৈ বিমান সেৱা প্ৰৱৰ্তনৰ দাবী উত্থাপন কৰা হয়।

এই স্মাৰকপত্ৰত শিলচৰ-গুৱাহাটী পথত এটা বিমান সংস্থাই লোৱা উচ্চ ভাড়া হ্ৰাস কৰিবলৈ অনুৰোধ জনোৱা হৈছে।

ইণ্ডিগ’ নামৰ বিমান সংস্থাটোৱে আছুতীয়া ভাবে দায়িত্ব পাই অধিক নিৰিখত ভাড়া লৈ আছে।অথচ – শিলচৰ-গুৱাহাটী পথতকৈ অধিক দূৰত্বৰ আগৰতলা-গুৱাহাটী পথত তেওঁলোকে বহু কম মূল্যৰ বিমান ভাড়া নিৰ্দ্ধাৰিত কৰি দক্ষিণ অসমৰ প্ৰতি বৈমাতৃসুলভ আচৰণ আৰম্ভ কৰিছে।

পিছত হাৰাণ দে ই অসামৰিক বিমান পৰিবহণ বিভাগৰ ৰাজ্যিক মন্ত্ৰী মুৰলীধৰ মহলক সাক্ষাৎ কৰি এই স্মাৰকপত্ৰৰ প্ৰতিলিপিও দিয়ে।

Show More

Related Articles

Back to top button