Barak Valley

মিজোৰামৰ পৰা ৰাজধানী এক্সপ্ৰেছ ট্ৰেনৰ যাত্ৰা আৰম্ভ

বদৰপুৰ পিএনচি ১৩ ছেপ্টেম্বৰ: শনিবাৰে মিজোৰামৰ চাইৰেঙৰ পৰা আনন্দ বিহাৰলৈ ৰাজধানী এক্সপ্ৰেছকে ধৰি কলকাতালৈ আৰু গুৱাহাটীলৈ তিনিটা ট্ৰেনৰ যাত্ৰা আৰম্ভ হোৱাৰ পিছত দক্ষিণ অসমৰ বদৰপুৰত ৰাজধানী এক্সপ্ৰেছ আহি পোৱাত এটা অনুষ্ঠানৰ আয়োজন কৰা হয়।

এই অনুষ্ঠানত পতাকা জোকাৰী ট্ৰেন খনৰ ফ্লেগ অফ কৰে কৰিমগঞ্জৰ সাংসদ কৃপানাথ মালাহ ই । লগতে আছিল প্ৰাক্তন সাংসদ মিশন ৰঞ্জন দাস , দুই বিধায়ক মিহিৰ কান্তি সোম আৰু নীহাৰ কান্তি দাস , ৰেলৱেৰ জেড আৰ ইউ চি চিৰ সদস্য হাৰাণ দে, বদৰপুৰৰ ৰেলৱেৰ এৰিয়া বিষয়া বীৰেন্দ্ৰ কুমাৰ মীনা আৰু ডিআৰ ইউচিচিৰ সদস্য শুভ্ৰ জ্যোতি সৰকাৰ ।

ইয়াৰ আগতে হাইলাকান্দি ৰেল ষ্টেচনত এটা অনুষ্ঠানত সাংসদ কৃপানাথ মালাহ ই প্ৰাক্তন সাংসদ মিশন ৰঞ্জন দাসক লগত লৈ তাৰ পৰাও ট্ৰেন খনৰ ফ্লেগ অফ কৰে।

Show More

Related Articles

Back to top button