Assam

Scam in Orunodoi ! : কাছাৰত অৰুণোদয় আঁচনিত বঞ্চিত মহিলা

কাছাৰ জিলাৰ বিভিন্ন প্ৰান্তত অৰুণোদয় আঁচনি ৰূপায়ণত ব্যাপক বিসংগতিৰ অভিযোগ উত্থাপিত হৈছে (Assam govt Orunodoi scheme)। ইয়াৰ প্ৰতিবাদ কৰিলে অৰুণোদয় আঁচনিৰ বঞ্চিত মহিলাই । প্ৰতিবাদকাৰী মহিলাসকলে পঞ্চায়তৰ বিৰুদ্ধে ৰাজনীতিকৰণ কৰি অৰুণোদয় আঁচনিৰ হিতাধিকাৰী নিৰ্বাচন কৰাৰ অভিযোগ উত্থাপন কৰিছে । আৰ্থিকভাৱে স্বচ্চল পৰিয়ালৰ মহিলাই অৰুণোদয় আঁচনি লাভ কৰাৰ অভিযোগ তুলিছে বঞ্চিত ।

উল্লেখ্য যে জিলাখনৰ বহুকেইখন গাঁও পঞ্চায়তত অৰুণোদয় আঁচনিৰ হিতাধিকাৰী নিৰ্বাচনত ব্যাপক বিসংগতিৰ অভিযোগ উত্থাপিত হৈ আহিছে । ইতিমধ্যে বহু বঞ্চিত মহিলাই গাঁও পঞ্চায়ত কাৰ্যালয়ৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছে । ইয়াৰ পিছতো যোগ্য মহিলাই লাভ কৰা নাই অৰুণোদয় আঁচনিৰ ধন । কাছাৰ জিলা প্ৰশাসনেও অৰুণোদয় আঁচনিৰ বিসংগতি দূৰ কৰাৰ ক্ষেত্ৰত আজিকোপতি ব্যৱস্থা নকৰাৰ অভিয়োগ উঠিছে।

উল্লেখ্য যে অসম চৰকাৰে এইখন অভিলাসী আঁচনি 2020 চনৰ 2 অক্টোবত মুকলি কৰিছিল ৷ এই অৰুণোদয় আঁচনিখনে ৰাজ্যৰ প্ৰায় 19.10 লাখ পৰিয়ালক প্ৰত্যক্ষ লাভালাভ স্থানান্তৰণ আঁচনিৰ মাধ্যমেৰে প্ৰতি মাহে বিত্তীয় অনুদান প্ৰদান কৰিছে । কিন্তু এই আঁচনিখন ৰূপায়ণৰ পিছতেই ৰাজ্য়ৰ বিভিন্ন জিলাত অনিয়ম সংঘটিত হোৱাৰ অভিযোগ উত্থাপিত হৈ আহিছে ।

Show More

Related Articles

Back to top button