Barak Valley

শিলচৰ কেন্দ্ৰীয় কাৰাগাৰত উদ্ধাৰ এজন অভিযুক্তৰ ফাঁচী মৃতদেহ

ষ্টাফ ৰিপৰ্টাৰ শিলচৰ ১১ জুন- শিলচৰ কেন্দ্ৰীয় কাৰাগাৰত উদ্ধাৰ হৈছে এজন অভিযুক্তৰ ফাঁচী মৃতদেহ। জানিব পৰা মতে, মঙলবাৰে দিনৰ ভাগত সংঘটিত হৈছে এই ঘটনা। দিলোৱাৰ হুছেইন নামৰ এজন যুৱকক শিলচৰ কাৰাগাৰৰ ভিতৰত ওলমি থকা অৱস্থাত উদ্ধাৰ হয় । এই খবৰ পোৱাৰ পিছত আৰক্ষী অধীক্ষক নোমল মাহাটো শিলচৰ কেন্দ্ৰীয় কাৰাগাৰত উপস্থিত হয়। কাৰাগাৰৰ পৰা উদ্ধাৰ কৰি মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে শিলচৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ মৰ্গ লৈ প্ৰেৰণ কৰে। এই বিষয়ে আৰক্ষীয়ে পুংখানুপুংখভাৱে তদন্ত কৰি থকা বুলি কোৱা হৈছে। উল্লেখযোগ্য যে ১৫ ফেব্ৰুৱাৰীৰ নিশা পূৱ সোণাইৰ হাতীখাল জিপিত সংঘটিত হৈছিল ধৰ্ষণ ৰ এটা জঘন্য ঘটনা। এই সন্দৰ্ভত ১৬ ফেব্ৰুৱাৰীত এজন নাবালকৰ পিতৃয়ে চাৰিজন লোকৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰি কচুদাৰাম থানাত গোচৰ ৰুজু কৰে। ইয়াৰে অন্যতম অভিযুক্ত আছিল দিলাৱাৰ। ২২ ফেব্ৰুৱাৰীত দিলাৱাৰে আৰক্ষীৰ আগত আত্মসমৰ্পণ কৰিছিল।

Show More

Related Articles

Back to top button