শিলচৰত আৰক্ষীৰ দ্বাৰা নকল সাংবাদিক গ্ৰেপ্তাৰ।

শিলচৰ, পিএনচি, ২৮ অক্টোবৰ -কাছাৰ আৰক্ষীৰ হাতত শিলচৰত এজন নকল সাংবাদিকক ধৰা পৰিছে । সাংবাদিক হিচাপে চিনাকী দিয়া ধৃত এই ব্যক্তি জনৰ নাম কান্তা দেব । বৃহস্পতিবাৰে ধলাই বিধানসভা চক্ৰ ৰ বাবে প্ৰাৰ্থী সকলে মনোনয়ন জমা দিয়াৰ সময়ত বাতৰি কভাৰ কৰিবলৈ মানুহ জনে প্ৰেছ ষ্টীকাৰ লগোৱা নিজৰ এখন পৰিচয় পত্ৰ ব্যৱহাৰ কৰি জিলা আয়ূকতৰ কাৰ্যালয়ত সোমাই পঢ়ে । অইন সাংবাদিক সকলৰ সন্দেহ হোৱাত আৰক্ষীক কোৱা হয় আৰু তেতিয়া আৰক্ষীয়ে মানুহ জনক গ্ৰেপ্তাৰ কৰি লৈ যায় । আৰক্ষীৰ জেৰাত মানুহ জনে কয় যে তেওঁ এজন ব্লগাৰ আৰু “ধলাই টুডে” নামৰ এটা চেনেল চলোৱাৰ কাম আৰম্ভ কৰিছে। পাছদিনা এই ধৃত ব্যক্তিজনক এৰি দিয়া হয়।
কেৱল শিলচৰতে নহয় অসমৰ বিভিন্ন ঠাইত এনে নকল সাংবাদিকৰৰ সংখ্যা দিনক দিনে বাঢ়ি য়ে আছে। এনে পৰিস্থিতি অব্যাহত থাকিলে প্ৰকৃত সাংবাদিক সকল অসুবিধাত পৰিব বুলি বৰাক উপত্যকা সাংবাদিক সন্থাই উদ্বেগ প্ৰকাশ কৰিছে।