Assam

চিৰবৈৰী কাঁটাতাৰ আৰু প্ৰেমৰ যুগলবন্ধী, ৫ বছৰীয়া এক কাহিনী

৬ ডিচেম্বৰ, ২০২৩ঃ ২০২৪ৰ জানুৱাৰীত বিবাহপাশত আৱদ্ধ হ’ব পাকিস্তানী যুৱতী আৰু ভাৰতীয় যুৱক। এক সীমা অতিক্ৰম কৰা প্ৰেম কাহিনীয়ে পূৰ্ণতা পাব ২০২৪ৰ জানুৱাৰী মাহত। মঙলবাৰে এগৰাকী পাকিস্তানী মহিলাই কলকাতাত বাস কৰা বন্ধুক বিয়া কৰাবলৈ ৱাগাহ-আত্তৰী আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ পাৰ হৈ ভাৰতলৈ আহে। জাভেৰিয়া খানুম নামৰ কৰাচী যুৱতীগৰাকী কলকাতাৰ বন্ধু সমীৰ খানৰ লগত বিবাহপাশত আৱদ্ধ হ’ব।

জাভেৰিয়া খানুমক প্ৰদান কৰা হ’ল ৪৫ দিনৰ বাবে ভিছা। সীমান্তত ঢোল, তালেৰে জাভেৰিয়া খানুমক আদৰণি জনাইছে সমীৰ খানৰ পৰিয়ালৰ লোকে। সংবাদ মাধ্যমৰ সৈতে হোৱা সাক্ষাত্‍কাৰত খানুমে কয় ‘‘কভিড ১৯ মহামাৰীয়ে তেওঁলোকৰ পৰিকল্পনা প্ৰায় পাঁচ বছৰ ধৰি স্থবিৰ কৰি ৰাখিছিল। কাৰণ ইয়াৰ আগতে দুবাৰকৈ তেওঁৰ ভিছা নাকচ কৰা হৈছিল। মোক ৪৫ দিনৰ ভিছা দিয়া হৈছে। মই ইয়াত উপস্থিত হৈ বহুত সুখী। আহি পোৱাৰ লগে লগে ইয়াত বহুত মৰম পাইছো।’’খানৰ মতে, মাকৰ ফোনত খানুমৰ ফটো দেখাৰ পিছতে তেওঁ বিয়া কৰাবলৈ আগ্ৰহ প্ৰকাশ কৰে। “২০১৮ চনৰ মে’ মাহৰ পৰা আৰম্ভ হৈছিল এই প্ৰেম কাহিনী। মই জাৰ্মানীত পঢ়ি থাকোঁতেই ঘৰলৈ আহিছিলোঁ। মাৰ ফোনত তাইৰ ফটোখন দেখি মই আগ্ৰহ প্ৰকাশ কৰিছিলোঁ। মই মাক কৈছিলো যে মই জাভেৰিয়াৰ লগত বিয়াত বহিব বিচাৰো।’’

শেহতীয়াকৈ সীমা অতিক্ৰম কৰি বিয়া হ’বলৈ অহা দম্পতী চৰ্চালৈ আহিছে। ইয়াৰ আৰম্ভণি হৈছিল যেতিয়া সীমা হাইদৰ নামৰ এগৰাকী পাকিস্তানী যুৱতীয়ে নেপাল হৈ ভাৰতৰ সীমান্ত পাৰ হৈ নয়ডাৰ এজন ব্যক্তি শচীন মীনাক বিয়া কৰাইছিল। তেওঁলোকৰ সম্পৰ্ক বিতৰ্কৰ অন্যতম মূল বিষয় হৈ পৰিল। আনহাতে জুলাই মাহত অঞ্জু নামৰ এগৰাকী ভাৰতীয় মহিলাই ফেচবুকৰ বন্ধু নছৰুলাহক বিয়া কৰাবলৈ পাকিস্তানলৈ গৈছিল। অৱশ্যে শেহতীয়াকৈ কলকাতাৰ পুৰুষক বিয়া কৰাবলৈ অহা পাকিস্থানী মহিলাগৰাকী ভাইৰেল হৈ পৰিছে।

Show More

Related Articles

Back to top button